newsnextone.com | চৰাইদেউঃ ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই বৰ্দ্ধিত মজুৰি পাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ চাহ শ্ৰমিকসকলে৷ যাৰ ফলত বাৰে বাৰে আন্দোলন কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে৷ চৰকাৰে সামন্য মজুৰি বঢ়ালে যদিও তাতেই সন্তুষ্ট নহয় ৰাজ্যৰ চাহ শ্ৰমিক।
ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাহ শ্ৰমিকে চৰাইদেউ জিলাতো প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। সোমবাৰেও চৰাইদেউ জিলাত সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাই চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।