newsnextone.com |কাকপথাৰঃ আপুনি এটুকুৰা নতুন ঠাইলৈ যদি গৈছে তেন্তে সাৱধান? যদি আপুনি অইন ঠাইৰ পৰা আহিছে তেন্তে আপুনি নিজৰ সুৰক্ষাৰ স্বাৰ্থত অতি সাৱধান হোৱা উচিত৷ কিয়নো সোপাধৰা বুলি আপুনিও একাংশ উদণ্ড লোকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ’ব পাৰে৷ যিদৰে কিছুদিন পূৰ্বে কাৰ্বি আংলঙত প্ৰাণ হেৰুৱালে নিলোৎপল আৰু অভিজিতে৷
কেৱল অসমতেই নহয় কিছুমান ভুৱা বাতৰিৰ মাজত সোমাই পৰিছে দেশৰ কেইবাখনো ৰাজ্য৷ হোৱাটছআপ ফেচবুক আৰু বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ হোৱা ভুৱা বাতৰিৰ বাবে বিভিন্ন অঞ্চলত মানুহৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে কেইবাজনো নীৰিহ লোকে৷