newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিলে এনডিএৰ প্ৰাৰ্থী ৰাজ্যসভাৰ সাংসদ হৰি বংশই। কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ উপস্থিতিত ৰাজ্য সভাৰ প্ৰশাসনিক বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে ৰাজ্যসভাৰ সাংসদ হৰি বংশই।
৯ আগষ্টত অৰ্থাৎ বৃহস্পতিবাৰে ৰাজ্যসভাৰ নতুন উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। সোমবাৰে সংসদৰ শূন্যকালত এই কথা উল্লেখ কৰিছিল ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে। জানিব পৰা মতে, একালৰ জ্যেষ্ঠ সাংবাদিক তথা বিহাৰৰ জেডিইউ দলৰ ৰাজ্যসভাৰ সাংসদ হৰি বংশ এনডিএ তথা শাসকীয় পক্ষৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী যিকোনো প্ৰকাৰে জয়ী কৰিবলৈ চেষ্টা কৰিব।