newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ জামুগুৰিৰ এটি দৰিদ্ৰ কৃষক পৰিয়ালৰ কৰুণ কাহিনী এয়া। যিটো পৰিয়ালৰ মুৰব্বী ৰানা কাকতিয়ে অতি কষ্টেৰে খেতি-বাতি কৰি তিনিজনীয়া পৰিয়ালটো জোৰা-টাপলি মাৰি চলাই নিছিল। পত্নী মৌচুমী অাৰু একমাত্ৰ কনমানি সন্তান পৰাণ জ্যোতিৰ মুখত হাঁহি বিলাবলৈ সদায়ে চেষ্টা চলাই অাহিছিল ৰানা কাকতিয়ে।
দুখৰ মাজতো সুখ অনুভৱ কৰিছিল পত্নী মৌচুমীয়ে। পিতৃ-মাতৃৰ আশা একমাত্ৰ সন্তান পৰাণে ভালদৰে পঢ়া-শুনা কৰি তেওঁলোকৰ চকুপানী মচি এদিন ঘৰখনলৈ অানন্দ অানিব। কিন্তু দুখীয়াৰ যেন দুখ অাতৰ নহয় এই সংসাৰত।