newsnextone.com | বেতবাৰীঃ অসমৰ খিলঞ্জীয়া হিন্দু সকলৰ শক্তিশালী সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ ডিমৌ, ৰাজমাই আৰু আঠাবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আঠাবাৰী চাংমাই গাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত ডিমৌ আঠাবাৰী চাংমাই গাৱৰ ৰাজহুৱা নামঘৰত “অখণ্ড ভাৰত দিৱস” উদযাপন কৰে সংগঠনটোৱে।
“অখণ্ড ভাৰত দিৱস”ৰ অনুষ্ঠানটো মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমৌৰ বিশিষ্ট সমাজকৰ্মী উমেশ গগৈ, হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰশান্ত বৰঠাকুৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুধীৰ সিংহ। দিনজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা “অখণ্ড ভাৰত দিৱস” অনুষ্ঠানটোত পুৱাৰ ভাগত বৃক্ষ ৰোপন, পতাকা উত্তোলন কৰা হয়।