newsnextone.com | নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিন প্ৰান্তৰ বৃহত্তৰ বাহঁজানী অঞ্চলত বুধবাৰে অঞ্চলটোৰ দক্ষিণ নলবাৰী মহাবিদ্যালয় প্ৰাংগণত একংশ সচেতন ব্যক্তি আৰু অৰাজনৈতিক সংগঠন আছু, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন লোকৰ উপস্থিতিত এখন ইতিবাচক সভা সম্পন্ন হৈ যায় ৷ মৃদুল ডেকাই আঁত ধৰা আৰু গিৰিধৰ ডেকাই উদ্দেশ্য বাখ্য কৰা ইতিবাচক সভাখনৰ সঞ্চালনা কৰে কুশল মজুমদাৰে৷
সভাত বাঁহজানী আঞ্চলটোৰ যুৱ প্ৰজন্ম সকল কিদৰে আৰ্থিক ভাবে স্বচ্চল হ’ব পাৰে তাৰ বাবে আলোচনা কৰা হয় ৷ ভাষণ প্ৰসংগত সমাজকৰ্মী হিতেশে কলিতাই কয় যে এটা অঞ্চল আৰ্থিক ভাৱে উন্নয়ন কৰিব হ’লে সেই অঞ্চলটোত উৎপাদনৰ সম্ভাৱনা কিমান আদি কথাবোৰ পৰ্যালোচনা কৰে৷ তেওঁ লগতে কয় যে, বাহঁজানীত জাপি, বাঁহ-বেতৰ উপৰিও মীন পালন, কৃষি পালনৰ লগত বহু মানুহ জড়িত হৈ আহিছে যদিও উৎপাদনৰ সংখ্যা কিদৰে বঢ়াব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰা উচিত ৷