newsnextone.com | দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত থকা বাউশকাটা সমবায় সমিতিৰ সম্পাদক-সভাপতিয়ে জালিয়াতিৰে ২০১৩ চনৰ ভোটাৰ তালিকাৰ পৰা চাৰি শতাধিক অংশীদাৰ (ভোটাৰ)ৰ নাম কৰ্তন কৰি নতুনকৈ অবৈধ ভাৱে ভোটাৰ উঠাই দিয়াক লৈ ৰাইজ-ভোটাৰৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, অহা ২০ আগষ্ট তাৰিখে সমবায় সমিতি খনত হ’ব লগা নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰ তালিকাৰ বিসংগতি পোহৰলৈ আহিছে।