newsnextone.com | খাৰুপেটীয়াঃ বুধবাৰে দেশ জুৰি স্বাধীনতা দিৱস পালনৰ দিনা মূল্যবোধ তথা মানৱীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে দৰঙ জিলাৰ খাৰুপেটীয়াৰ মৰিয়ম আজমল উইমেন কলেজৰ হাফিজা বেগম নামৰ এগৰাকী ছাত্ৰীয়ে। ঘটনাৰ বিৱৰণী মতে, বুধবাৰে খাৰুপেটীয়াৰ বালুগাঁও সাপ্তাহিক বজাৰলৈ বুলি মৰাপাট ভৰ্তি তিনিচকীয়া বাহন এখন ঠেলি লৈ গৈ আছিল এজন বৃদ্ধই।
খাৰুপেটীয়া কলেজ টাৰ্নিঙৰ ওখ আলি বাটটো বাহনখন ঠেলি অতিক্ৰম কৰিব পৰা নাছিল ঠেলা চালক প্ৰায় ৬৫ বছৰীয়া বৃদ্ধ গৰাকী। ঠেলা চালক গৰাকী কোনোবা পথচাৰীয়ে ঠেলাখন উঠাই দিয়াত সহায় কৰিব বুলি ইফাল-সিফাল চাইছিল যদিও সহায়ৰ বাবে কোনেও আগবাঢ়ি অহা নাছিল। তেতিয়া পুৱা সাত মান বাজিছিল।