newsnextone.com | ওদালগুৰিঃ ভাৰত ৰত্ন সন্মানেৰে বিভূষিত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বৃহস্পতিবাৰে আবেলি ৫.০৫ বজাত দিল্লীস্থ এইমছ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মহীৰূহগৰাকীৰ মহাপ্ৰয়ানত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ। ওদালগুৰিৰ বিভিন্ন প্ৰান্ততো বিভিন্ন দল-সংগঠনে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ স্মৃতিত শোকসভা অনুষ্ঠিত কৰে।
ওদালগুৰি চহৰৰ মাজ মজিয়াৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণত জিলা এবছুৱে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত বাজপেয়ীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে উপস্থিত প্ৰতিগৰাকীয়ে এগচিকৈ বন্তি প্ৰজ্বলন কৰে।