newsnextone.com | লিডুঃ ফেচবুক এতিয়া কেৱল ছ’চিয়েল মিডিয়া হৈ থকা নাই। ফেচবুক এতিয়া প্ৰেম-বিয়াৰো মাধ্যম। ফেচবুকৰ জৰিয়তে চিনাকি হৈ প্ৰথমে প্ৰেমৰ সম্পৰ্ক, তাৰ পিছত বিয়াৰ প্ৰস্তাৱ বৰ্তমান সময়ত তেনেই সাধাৰণ কথা হৈ পৰিছে ৷ ফেচবুক যোগে চিনাকি হৈ বিদেশৰ যুৱতী অসমৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ ঘটনা সকলোৱে জানে। পিছে এইমাৰ ফেচবুকে সংঘটিত কৰিলে আন এক কৰুণ ঘটনা ৷
এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত কথাপাটা নামৰ এখন ভিতৰুৱা গাঁৱত ৷ গাঁৱৰ অংকৃত ছেত্ৰী নামৰ এজন যুৱকৰ সৈতে মাৰ্ঘেৰিটা পাৱৈৰ বনগাঁৱৰ লক্ষ্মী ছেত্ৰী নামৰ এগৰাকী ২০ বছৰীয়া যুৱতীৰ প্ৰথমে ফেচবুকত চিনাকী হৈ আৰম্ভ হয় প্ৰেম, আৰু তাৰ পাছত দুমাহ পূৰ্বে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শিৰত সেন্দুৰ লৈ যুৱতি গৰাকীয়ে ন-কইনা ৰুপে প্ৰৱেশ কৰে লেখাপানীৰ অংকৃত ছেত্ৰীৰ ঘৰত৷