newsnextone.com | মৰিয়নীঃ শনিবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত মৰিয়নী নগৰ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত মৰিয়নী মহাবিদ্যালয় পৰা প্ৰায় ৫০ জন ছাত্ৰ-ছাত্ৰী আহি চিকিৎসালয় খনত উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ অভিযোগ অনুসৰি, যোৱা ১৬ আগষ্টত আবেলি প্ৰায় ৩.০০ বজাত মৰিয়নী মহাবিদ্যালয় ৩য় ষণ্মাসিকৰ ছাত্ৰী চুনটি দাস মহাবিদ্যালয়ত অচেতন হয় পৰে৷ ইয়াৰ পিছতে তেওঁৰ সহপাঠী আৰু অভিভাৱকে চিকিৎসালয়লৈ লয় আহে৷
কিন্তু ছাত্ৰী গৰাকীক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অনা মূহুৰ্তত স্বাস্থ্য কেন্দ্ৰত কোনো চিকিত্সক উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰী গৰাকীৰ পৰিয়ালে। আনহাতে, চিকিত্সা কেন্দ্ৰত উপস্থিত থকা ফাৰ্মাচিষ্ট জনেই ছাত্ৰীগৰাকীক পৰীক্ষা কৰি যোৰহাট চিকিত্সা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।