newsnextone|| ডিজিটেল ডেস্কঃ মায়ানগৰী মুম্বাইত আকৌ সংঘটিত হ’ল এক অগ্নিকাণ্ড৷ মুম্বাইৰ পৰেল নামৰ এলেকাত অৱস্থিত ক্ৰিষ্টল টাৱাৰৰ অগ্নি কাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চল কপাই তোলাৰ বিষয়ে জানিব পৰা গৈছে৷ বুধবাৰে পুৱা ১৭ মহলাৰ ১২ নম্বৰ ৰেচিডেন্সীৰ ভিতৰত এই অগ্নি কাণ্ড সংঘটিত হয়৷ জুই লগাৰ সময়ছোৱাত বহুলোকে নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাই আহে যদিও চাৰিজন লোকে নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে৷
দপদপাই জ্বলি উঠা জুইক নিৰ্বাপিত কৰিবলৈ ২০ খনকৈ অগ্নি নিৰ্বাপক বাহন অহাৰ পাছত জুই নুমুৱাবলৈ সক্ষম হয়৷ আনহাতে ১৬ জনকৈ ব্যক্তি সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাস্থলীৰ পৰা ক্ৰেনৰ দ্বাৰা উদ্ধাৰ কৰি অনাৰ লগতে ৪ জনকৈ লোকৰ থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে৷