newsnextone.com।তামুলপুৰঃ তামুলপুৰৰ মাজমজিয়াত স্থাপিত অঞ্চলটোৰ অগ্ৰণী শিক্ষানুষ্ঠান শঙ্কৰদেৱ বিদ্যা নিকেতনৰ পঞ্চবিংশতিতম বৰ্ষ পূৰ্তি উপলক্ষে ২০১৮ ইংৰাজী শিক্ষা বৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী।
ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সফল ৰূপায়নৰ অন্তত অহা ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত সামৰণি অনুষ্ঠানৰ মূল কাৰ্যসূচী ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হব। সেই উপলক্ষে উদযাপন সমিতিৰ তৰফৰ পৰা এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে।