newsnextone || ডিজিটেল ডেস্কঃ বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত দেওবাৰে নিশা এজন যুৱকক গুলিয়াই হত্যা কৰাৰ চেষ্টা চলায় ছফিকুল ইছলাম নামৰ এজন দুৰ্বৃত্তই। পিছত পুৱতি নিশা ৰাইজৰ সহযোগত ধৃত ছফিকুলক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
ঘটনা অনুসৰি, নিশা প্ৰায় ৭.৩০ বজাত কীৰ্তনপাৰা বজাৰৰ ওচৰত ২ নং হালধীবাৰীত ছফিকুল ইছলাম নামৰ লোকজনে বজাৰলৈ গৈ থকা হাজেৰ আলী নামৰ এজন যুৱকলৈ লক্ষ্য কৰি গুলিচালনা কৰি পলায়ন কৰে।আনহাতে এই ঘটনাত ভয় খাই হাজেৰ আলীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক গোট খায় আৰু গাওঁৰক্ষী বাহিনীৰ সহযোগত বিভিন্ন স্থানত ধৃত ছফিকুলৰ সন্ধান আৰম্ভ কৰে।