newsnextone.com। ডিজিটেল ডেক্সঃ দেশৰ লগতে কিছুমান বহিৰাগত দেশতো চলিছে প্ৰৱজনকাৰীৰ অবৈধ কাম৷ ঘৰিঁয়ালেৰে ভৰা এখন নদীত অবৈধ মাছ ধৰিবলৈ যোৱা বিদেশী নাগৰিক বৰ্তমানে সন্ধানহীন৷ এই কাণ্ড সংঘটিত হয় অষ্ট্ৰেলিয়াৰ এখন নদীত৷ অষ্ট্ৰলিয়াৰ সীমাৰ সুৰক্ষাৰ দলে এই লোকসকলৰ অবৈধ নাগৰিকৰ পৰিচয় পোৱা বুলি জনাইছে৷
সন্ধাহীন হোৱা নাগৰিক সকলৰ সঠিক পৰিচয়ৰ বিষয়ে জানিবলৈ দিয়া নাই সুৰক্ষা দলে৷ লগতে তেওঁলোক শৰণাৰ্থী নে মাছ ধৰিবলৈ অহা লোক এয়াও এক প্ৰশ্ন হৈ ৰয়৷ যদিওবা এই সন্ধাহীন লোকসকল শৰনাৰ্থী তথাপিও অষ্ট্ৰেলিয়াৰ সীমান্তত নাওঁ আনিবলৈ দিয়া নহয়৷ উল্লেখযোগ্য যে এনেধৰণৰ ঘটনা অষ্ট্ৰেলিয়াত পোনপ্ৰথমবাৰৰ বাবে সংঘটিত হৈছে৷