newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বাঙালীপাৰাত দেওবাৰে ৰাইজৰ সহযোগত কৃষক মুক্তিৰ ধুবুৰী জিলা সমিতিয়ে বঙালীপাৰাৰ যুৱ ব্যৱসায়ী ছফিকুল ইছলামৰ হত্যাকাণ্ডৰ প্ৰতিবাদ জনাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। প্ৰতিবাদকাৰী সকলে প্ৰয়া ১ঘন্টা সময় ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি ৰখাত ঘাইপথৰ দুয়ো দিশে অসংখ্য গাড়ী আবদ্ধ হৈ পৰে।
উল্লেখ্য যে, যুৱ ব্যৱসায়ী ছফিকুলক যোৱা ২৫ জুনত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নৃশংসভাবে হত্যা কৰি মাটিৰ তলত পুতি থৈছিল। ২৮ জুনত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে আৰু এই ঘটনাত জড়িত থকাৰ অভিযোগত নুৰজামাল শেখ, মফিজুল হক তথা ৰাজিবুল হক নামৰ তিনিজনক আটক কৰি জেললৈ নিক্ষেপ কৰে।