newsnextone.com | চতিয়া: মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেচনেল অকিনাৱান গজু-ৰৰ্য়ু কাৰাটে ড’ ফেডাৰেচনৰ (International Okinawan Goju-Ryu Karate-Do Federation) দ্বাৰা আয়োজিত ইণ্টাৰনেচনেল কাৰাটে ড’ চেম্পিনশ্বিপ ২০১৮ (International Karate Do Championship 2018 at Malaysia) ত অসমৰ হৃদয়ানন্দ দাস, মিলনজ্যোতি বৰদলৈ আৰু চনম লামা অংশগ্ৰহণৰ বাবে সাজু হৈছে৷
উল্লেখ্য যে, হৃদয়ানন্দ দাসে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত কেৱল খেলুৱৈ হিচাপেই নহয়, দেশীয় দলৰ প্ৰশিক্ষক, দল পৰিচালক, বিচাৰক হিচাপেও অংশগ্ৰহণ কৰি অনেক পদক আৰু সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷