newsnextone.com।ৰঙিয়াঃ ৰঙিয়া আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা আঠজনকৈ ব্যক্তিক উদ্ধাৰ কৰিছে। ৰঙিয়া চহৰৰ ষ্টেচনৰ মকিৱ আলী নামৰ এজন ব্যক্তিৰ ঘৰত আবদ্ধ কৰি ৰখা লোক কেইজনক বৃহস্পতিবাৰে পুৱাৰ ভাগত ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিচত নিজ গৃহত উভতাই পঠোৱাৰ দিহা কৰিছে বুলি জানিব পৰা গৈছে।
ঘটনা সন্ধৰ্ভত ৰঙিয়া আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি নাৰী সৰবৰাহকাৰী চক্ৰ এটাই লক্ষীমপুৰ, ৰাঙাপাৰা আৰু বিশ্বনাথ চাৰিআলি আদিৰপৰা বিভিন্ন ব্যক্তিক কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনদি বহিঃৰাজ্যলৈ নিয়াৰ বাবে ব্যৱস্থা কৰিছিল।