newsnextone.com বিলাসীপাৰাঃ ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ নামনি সোৱণশিৰি বৃহত নদীবান্ধ বন্ধৰ দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়।
উল্লেখযোগ্য যে, নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পকে আদি কৰি চীন, ভূটান, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিত প্ৰস্তাৱিত আৰু নিৰ্মীয়মান সকলো বৃহৎ নদী বান্ধ প্ৰকল্প বন্ধ কৰা আৰু অসমৰ বানপানী-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবীত ধুবুৰী জিলা কৃষক মুক্তি, ছাত্ৰ মুক্তিয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত শুকুৰবাৰে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰেে।