newsnextone.com | শিৱসাগৰঃ শিৱসাগৰৰ দিখৌমুখ দিছিয়ালত শনিবাৰে নিয়ন্ত্ৰণ হেৰুৱাই দিখৌ নদীত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ সলিল সমাধিৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উক্ত বাহন খনত থকা হৰেন বড়া (৫২), পত্নী ফনো বড়া (৪৫), মাতৃ পোনৌ বড়া (৮৬) আৰু দুই জিয়াৰী চিম্পী বড়া (২১) আৰু মুনমী বড়া (১৮)ৰ সৈতে পৰিয়ালটো মগলৌ পুখুৰী পাৰৰ আত্মীয় মুনীন কলিতাৰ ঘৰলৈ বিয়ালৈ আহিছিল৷ কিন্তু ঘূৰি যাঁওতে ঘটিছিল ঘটনাটো, নামি আহিছিল পৰিয়ালটোলৈ কাল অমানিশা৷
চুইফ্ট ডিজায়াৰ গাড়ীৰে অহা পৰিয়ালৰটোৰ বাহন চালকজনক ন-কটানিৰ নিজ গৃহত ৰাখি মালিক হৰেণ বড়াই নিজেই চলাইছিল বাহনখন৷ কিন্তু দূৰ্ভাগ্যবশতঃ নিয়ন্ত্ৰণ হেৰুৱাই দিখৌ মঠাউৰিৰ পৰা বাহনখন দিখৌ নদীত বাগৰি পৰে।