newsnextone.com | কাৰ্বি আংলংঃ বন্ধৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰা পাৰ্বত্য জিলা কাৰ্বি আংলং দীৰ্ঘদিন বন্ধ সংস্কৃতিৰ কৱলৰ পৰা মুক্ত আছিল যদিও কিছুদিনৰ পৰা পুনৰ এই প্ৰৱণতাই গা-কৰি উঠা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে পুৱা ৫ বজাৰ পৰা ৫ চেপ্তেম্বৰৰ পুৱা ৫ বজালৈকে এএছডিচি, কাৰ্বি ছাত্ৰ সন্থা, কেএনচিএ আদিকে কৰি কেবাটিও সংগঠনে আহ্বান জনোৱা কাৰ্বি আংলং বন্ধৰ ফলত জিলাখনৰ স্বাভাৱিক জনজীৱন স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে৷
আনহাতে, এই বন্ধৰ প্ৰাকমুহূৰ্তত ৩ চেপ্তেম্বৰত কাৰ্বি আংলং জিলা দণ্ডাধীশৰ কাৰ্যালয়ে জিলাখনৰ বিভিন্ন ব্যৱসায়িক সংস্থা, সকলো চৰকাৰী বিভাগ, বেংক কৰ্তৃপক্ষলৈ এক জাননী প্ৰেৰণ কৰি জাননী লাভ কৰাৰ এসপ্তাহৰ ভিতৰতে ২৪ ঘণ্টীয়া বন্ধৰ সময়ছোৱাত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণৰ প্ৰতিবেদন দাখিল কৰিবলৈ অনুৰোধ জনায়৷