newsnextone.com | বেতবাৰীঃ ৰাজ্যৰ জৰাজীৰ্ণপ্ৰায় ৰাষ্ট্ৰীয় ৩৭ নং ঘাইপথৰ মেৰামতিৰ কাম অতি লেহেমীয়া গতিত হোৱাৰ প্ৰতিবাদত আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে শিৱসাগৰ জিলাৰ ডিমৌত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাৰ উপস্থিতিৰ সংগঠনটোৰ দুই শতাধিক নেতা-কৰ্মীয়ে ‘অসম চৰকাৰ হায় হায়’, ‘ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম শীঘ্ৰে কৰক’, ‘মটক যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ’ আদি শ্ল’গানেৰে প্ৰায় এঘন্টা সময় ডিমৌৰ ৰাজপথ উত্তাল কৰি তোলে।