newsnextone.com | লাহোৱালঃ লাহোৱাল শিক্ষাখণ্ডৰ অধীনৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ সংসদৰ দ্বাৰা আয়োজিত হয় শিক্ষক দিৱস। সভাত সভাপতিত্ব কৰে মইনা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোমেধৰ বৰুৱাই। বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৃদয়ানন্দ বুঢ়াগোহাঁইয়ে।
অতিথি হিচাপে উপস্থিত থাকে চিৰিংহোলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অমূল্য বুঢ়াগোহাঁই, সহকাৰী শিক্ষক-শিক্ষয়িত্ৰী জিতুল গগৈ, বীৰেন্দ্ৰ চাহু আৰু অনিতা কোঁৱৰ। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাতুল গগৈ আৰু চিত্ৰশিল্পী সৃষ্টিধৰ কোঁৱৰৰ উপস্থিতিত সভাখন আঁত ধৰে প্ৰধান সেৱক বাস্তৱ বৰুৱাই।