newsnextone.com | ৰৌতাঃ ৰৌতা দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ এক নাভূত-নাশ্ৰুত কাণ্ডই এতিয়া তীব্ৰ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ বাহাৰুল ইছলামৰ বৰ্ডৰ প্ৰমাণ পত্ৰখন বিদ্যালয় কৰ্তৃপক্ষই একেখন বিদ্যালয়ৰ সংগীতা নামৰ আন এগৰাকী ছাত্ৰীক প্ৰদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনাৰ বিৱৰণী মতে, ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা গাঁৱৰ নুৰ মহম্মদৰ পুত্ৰ বাহাৰুল ইছলাম ৰৌতা দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈও উচ্চ শিক্ষাৰ পৰা বঞ্চিত হবলগীয়া হ’ল। স্নাতক প্ৰথম ষান্মাসিকত নামভৰ্তি কৰাৰ বাবে ছাত্ৰজনে বৰ্ডৰ প্ৰমাণ পত্ৰ সংগ্ৰহৰ বাবে উক্ত বিদ্যালয়ৰ কেৰাণী কনক বৈশ্যৰ কাষ চপাত ছাত্ৰ জনক এখন মাৰ্কশ্বিট দি উত্তীৰ্ণৰ প্ৰমাণ পত্ৰখন বৰ্ডৰ পৰা অহা নাই বুলি ছাত্ৰ জনক অৱগত কৰায়।