newsnextone.com | মৰিগাঁওঃ মৰিগাঁও জিলাত জৱ কাৰ্ডক কেন্দ্ৰ কৰি বিয়াগোম কেলেংকাৰী সংঘটিত হোৱা বুলি উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত জিলা উপায়ুক্ত হেমেন দাসে গ্ৰ্হণ কৰা ভূমিকাক কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন দল সংগঠন সৰৱ হৈ পৰিছে। জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উক্ত অভিযোগ সন্দৰ্ভত যথোপযুক্ত ব্যৱস্থা নোলোৱাৰ প্ৰতিবাদত আজি মৰিগাঁও চহৰৰ মাজমজিয়াত হেমেন দাসৰ প্ৰতিকৃতি দাহ কৰে।
উল্লেখ্য যে, জিলাখনৰ পকৰীয়া মৌজাত এম জি এনৰেগা আচনিৰ অধীনত ৰাজ্যখনৰ ভিতৰতে দীৰ্ঘতম মথাউৰিটো নিৰ্মাণ কৰি থকা হৈছে। ৪৯ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়িত কৰি থকা এই আঁচনিৰ সুযোগ লৈ এটি অসৎ চক্ৰই এই টকাৰ বৃহতাংশ লুণ্ঠন চলোৱাৰ উদ্দেশ্যে লেহপটি গাঁও পঞ্চায়তত বৃহত সংখ্যক ভুৱা জৱ কাৰ্ড সৃষ্টি কৰে।