newsnextone.com | গোৱালৰপাৰাঃ গোৱালপাৰাৰ ভালুকডুবিত আজি দুপৰীয়া প্ৰায় ১২ বজাত ধুবুৰীমুখী এখন আল্ট্ৰা বাছ আৰু যাত্ৰীবাহী টেম্প’ৰ মাজত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। বাছ আৰু টেম্প’ৰ মুখামুখি সংঘৰ্ষটোত টেম্প’খনৰ চালকসহ দুজনকৈ থিতাতে নিহত হোৱাৰ লগতে টেম্প’খনত থকা আটাইকেইজন যাত্ৰী গুৰুতৰভাৱে আহত হয়। তাৰে চাৰিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, এ-এছ-১৭বি-৯৩১৩ নম্বৰৰ তীব্ৰবেগী আল্ট্ৰা বাছখন গোৱালপাৰাৰ পৰা যাত্ৰী কঢ়িয়াই ধুবুৰীলৈ গৈ থকা অৱস্থাত আগিয়াৰ পৰা যাত্ৰী কঢ়িয়াই আহি থকা এএছ-১৮চি-২৩৩৭ নম্বৰৰ বিপৰীতমুখী টেম্প’ৰ লগত মুখামুখি সংঘৰ্ষ হয়। লগে লগে অঞ্চলটোত এক হুৱা দুৱা পৰিবেশ বিৰাজ কৰে আৰু ৰাস্তাত শ শ যান বাহন আবদ্ধ হৈ পৰে। খবৰ পোৱা মাত্ৰকে গোৱালপাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰাৰ লগতে ৰাস্তা মুকলি কৰি দি যানবাহন চলাচল কৰাৰ সুবিধা কৰি দিয়ে।