54
newsnextone.com | দৰংঃ যি সময়ত কংগ্ৰেছ দলে ১০ বছৰ ভাৰতত শাসন চলাইছিল সেই সময়ত আৰম্ভ হোৱা ৰাফেল বিমান চুক্তি বিজেপি চৰকাৰৰ দিনত স্বাক্ষৰিত হোৱাৰ পিছত ৰাফেল চুক্তিৰ আসোঁৱাহ উলিয়াই ৰাইজৰ ওচৰ চপাৰ প্ৰয়াস চলাইছে কংগ্ৰেছ দলে।
শনিবাৰে মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত APCCৰ উপ সভাপতি প্ৰদ্যুত বৰদলৈয়ে ৰাফেল চুক্তিৰ বিৰুদ্ধে মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে৷