কাকপথাৰ: ফুটবলপ্ৰেমীলৈ সুখবৰ। ৰাজ্যৰ ফুটবলপ্ৰেমীয়ে নিজ ৰাজ্যতে উপভোগ কৰিব পাৰিব আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আয়োজিত হোৱা দশম বদৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ খেলসমূহ দেওবাৰৰ পৰা অসমৰ ৭ খন ঠাইত অনুষ্ঠিত হৈছে। দেওবাৰে মাজুলী আৰু শদিয়াত শুভাৰম্ভণি হয় এই প্ৰতিযোগিতাৰ।
ফিফা আৰু এছিয়ান ফুটবল সংন্থাই ইতিমধ্যে স্বীকৃতি প্ৰদান কৰা প্ৰতিযোগিতাখন মন্ত্ৰী তপন কুমাৰ গগৈয়ে উদ্বোধন কৰে। মাজুলী আৰু শদিয়াত একেদিনাই আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত বাংলাদেশ, নেপালকে ধৰি মুঠ ২২টা দলে অংশগ্ৰহণ কৰে ।