72
কাজিৰঙাঃ কাজিৰঙাত পুনৰ সংঘটিত হৈছে গড়ঁ হত্যা৷ চাৰিদিন পিছতহে বন বিভাগে গঁড়টো নিধন হোৱাৰ কথা জানিব পৰাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ কাৰ্তিকা চাপৰিত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে চাৰিদিন পূৰ্বে কাৰ্তিকা চাপৰিৰ পানী যুঁৱলিত পানী খাবলৈ যোৱা অৱস্থাত গড়ঁটো হত্যা কৰি খড়্গ কাটি নিয়ে চোৰাং চিকাৰীয়ে৷ গঁড়টো মতা গঁড় আছিল বুলি জানিব পৰা গৈছে।