72
তিনিচুকীয়াঃ ফেচবুকত আলফাক সমৰ্থনকাৰীৰ ওপৰত আৰক্ষীয়ে শেন চকু ৰখাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেনা-অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰখাৰ সময়তে উজনি অসমত অব্যাহত আছে আলফাৰ সদস্যভৰ্তি৷
স্বাধীন অসমৰ সপোন লৈ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত ১৯৭৯ চনত জন্মগ্ৰহণ কৰা বিদ্ৰোহী সংগঠনটোৱে যোৱা ৩০ বছৰত উত্থান-পতনৰ সন্মুখীন হৈ আহিছে৷ প্ৰায় ১৮,৫০০ আলফা-নেতা-কেডাৰ সেনা-আৰক্ষীৰ গুলীত নিহত হৈছে৷