newsnextone.com| তেজপুৰঃ তেজপুৰৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ আঞ্চলিক মানিসক স্বাস্থ্য প্ৰতিষ্ঠানত শনিবাৰে Indian Psychiatric Society ৰ ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়৷ Indian Psychiatric Society ৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত অনুষ্ঠিত অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় Psychopharmacology -An Ever Unfolding Front শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ৷
Indian Psychiatric Society ৰ অসম ৰাজ্যিক শাখাৰ সভানেত্ৰী তথা বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ কমলা ডেকাই আলোচনা চক্ৰখনি সঞ্চালনা কৰি পিতৃ-মাতৃক অৱহেলা কৰা তথা বৃদ্ধ বয়সত নিৰ্যাতন চলোৱা ঘটনাৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত চৰকাৰে ৰূপায়ন কৰা ‘প্ৰণাম’ আঁচনিয়ে কিছু হলেও বঞ্চিত বৃদ্ধ পিতৃ-মাতৃক আৰ্থিক সকাহ দিব বুলি সদৰি কৰে৷