newsnextone.com। নলবাৰীঃ নলবাৰী জিলাৰ উত্তৰ দিশৰ সাগৰকুছিত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতিৰ। এজন যুৱকক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টা কৰাৰ অভিযোগ স্থানীয় লোকৰ। প্ৰাপ্ত তথ্যমতে সাগৰকুছিৰ শৰৎ কলিতাৰ পুত্ৰ ৰাজীব কলিতা বিগত এঘাৰ বছৰে কৰ্মৰত আছিল অৰুণাচলত।
সাগৰকুছিৰে ব্যবসায়ী সোণেশ্বৰ কলিতাৰ অৰুণাচলস্থিত দোকানৰ কৰ্মচাৰী আছিল ৰাজীব। পিছে কৰ্মসংস্থাপনৰ তাগিদাত অৰুণাচললৈ যোৱা ৰাজীব ঘুৰি আহিল মৃতদেহ হৈ। ৰাজীবৰ পৰিয়ালক কোৱা হ’ল ৰাজীবে আত্ম হত্যা কৰা বুলি। কিন্তু আজি মৃতদেহ ঘৰ আহি পোৱাৰ লগে লগে লাগিল হাহাকাৰ।