newsnextone.com। ডিজিটেল ডেস্কঃ শনিবাৰে আগন্তুক বিধানসভা নিৰ্বাচনীৰ সঠিক তাৰিখৰ ঘোষণানাৰ্থে নিৰ্বাচনী আয়োগে সংবাদ মেল অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে৷ আৰম্ভণিতে সংবাদ বৈঠকখনক ১২.৩০ বজাত আয়োজন কৰাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ আবেলিৰ ৩.০০ বজালৈ বৈঠকখন পিছুৱাই দিয়া হয়৷
বৈঠকৰ সময় সলনি কৰি দিয়াৰ বাবে নিৰ্বাচনী আয়োগে কোনোধৰণৰ স্পষ্টীকৰণ দিয়া নাই বুলি জানিব পৰা গৈছে৷ কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছৰ মুখ্য প্ৰৱক্তা ৰণদীপ সুৰেজবালাই টুইটৰ দ্বাৰা এই বিষয়ত মত প্ৰকাশ কৰে৷ নিৰ্বাচনী আয়োগৰ উদ্দেশ্যে লক্ষ্য কৰি স্বাধীনতাৰ ওপৰত প্ৰশ্ন কৰে কংগ্ৰেছ প্ৰৱক্তাগৰাকীয়ে৷