Home ৰাজনীতিছত্তিছগড়,মধ্যপ্রদেশ,ৰাজস্থান আৰু মিজোৰামৰ নিৰ্বাচনৰ দিন ঘোষণা

ছত্তিছগড়,মধ্যপ্রদেশ,ৰাজস্থান আৰু মিজোৰামৰ নিৰ্বাচনৰ দিন ঘোষণা

by News Desk
64 views
A+A-
Reset
newsnextoneনতুন দিল্লী ৬ অক্টোবৰঃ আজি নির্বাচন আয়োগে দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ ভোটগ্ৰহনৰ দিন ঘোষণা কৰিলে। ছত্তিছগড়, মধ্যপ্রদেশ,ৰাজস্থান আৰু মিজোৰামৰ ভোটগ্ৰহনৰ দিন ঘোষণা হ’ল। আজি নতুন দিল্লীত মুখ্য নির্বাচনী আয়ুক্ত ওমপ্ৰকাশ ৰাৱাটে এই কথা ঘোষনা কৰিলে।
তেলেঙ্গানাৰ বিধানসভা ভঙ্গ কৰি দিয়া হৈছে বাবে তেলেঙ্গানাতো নিৰ্বাচন অনুষ্ঠিত হ’ব। কেৱল ছত্তিশগড়তেই দুটা পৰ্য্যায়ত ভোটগ্ৰহন অনুষ্ঠিত হ’ব।  বাকী ৰাজ্যকেইখনত এটা পৰ্য্যায়তেই ভোটগ্ৰহন অনুষ্ঠিত হ’ব।
 
দেশৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া চাৰিওখন ৰাজ্যতেই আজিৰ পৰা নির্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে।  বিধানসভা ভঙ্গ কৰি দিয়াৰ ফলত তেলেঙ্গানাত আগৰে পৰাই নির্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ গৈছে।  
 
মধ্যপ্রদেশ আৰু ৰাজস্থানত ভোটগ্ৰহন অনুষ্ঠিত হ’ব অহা ২৮ নবেম্বৰত। ৰাজস্থান আৰু তেলেঙ্গানাত ভোটগ্ৰহন অনুষ্ঠিত হ’ব ৭ ডিসেম্বত। ছত্তিশগড়ত প্রথম পৰ্য্যায়ৰ ভোটগ্ৰহন অনুষ্ঠিত হ’ব ১২  নৱেম্বৰ আৰু দ্বিতীয়  পৰ্য্যায়ৰ ২০ নবেম্বৰত। 
 
প্রথমপৰ্য্যায়ৰ ভোটগ্ৰহন অনুষ্ঠিত হ’ব ১৮টা বিধানসভা কেন্দ্রত। বাকী ৭২ টা কেন্দ্রত ভোটগ্ৰহন কৰা হ’ব দ্বিতীয় পৰ্য্যায়ত। পাচোখন ৰাজ্যৰ ফলাফল ঘোষনা কৰা হ’ব অহা ১১ডিচেম্বৰত। 
 
News Desk
Author: News Desk

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0