Home ৰাজ্যআজি মহালয়া, তেজপুৰত উছৱমুখৰ পৰিৱেশ

আজি মহালয়া, তেজপুৰত উছৱমুখৰ পৰিৱেশ

by News Desk
67 views
A+A-
Reset

newsnextoneতেজপুৰ ৮অক্টোবৰঃ আজি মহালয়া ।মৃদু মৃদু শীতৰ আভাস। শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত। স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গানৰ। শৰৎ এক নাম এক মিঠা আলোড়নৰ। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই কাতিৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমন। বগা কুসুমৰ মাজত কিছু ধেমালি চৰাইবোৰৰ,শেৱালি, পুৱাৰ কাঁচিৱলি ৰ’দজাকত জিলিকি থাকে। শৰৎ আৰু শেৱালীৰ দুয়োৰ যেন এক মধুৰ সম্পৰ্ক। শৰতৰ আগমনত সকলোৰে মন মতলীয়া। আনন্দত সকলো আপোন পাহৰা। কাৰণ শাৰদী ৰাণীৰ ধৰালৈ আগমন। সৃষ্টিত এক নতুন উদ্যম দি এক অস্মৰণীয় ক্ষণ। শাৰদী ৰাণীক আদৰিবলৈ সকলো সাজু হৈছে। অপেক্ষাৰ অন্তত আজি পুৱা তেজপুৰত এক নান্দনিক পৰিবেশ সৃষ্টি হয় । সেই জাক-জমকতাত হাবাথুৰি নাখাই প্ৰকৃত সুখৰ সন্ধান কৰা উচিত। শাৰদীয় ৰাণী তুমি অন্ধকাৰেৰে আঁৱৰা দুখবোৰ আঁতৰাই সুখৰ পোহৰ বিলাবা। মহিলা সকলে বিভিন্ন দুৰ্গা দেৱীৰ মংগলা চৰণ গায় তেজপুৰৰ ৰাজপথত এক সুন্দৰ আনন্দ পৰিবেশ সৃষ্টি হয়্। দুৰ্গতিনাশিনী দেৱী দুৰ্গা মৰতলৈ নামি আহিছে মহালয়াৰ দিনটোতে৷ মহালয়া উপলক্ষে পুৱাৰে পৰা তেজপুৰত অসংখ্য লোক ওলাই আহিছে ৰাজপথলৈ৷ 

তেজপুৰৰ মধ্যপাৰা সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ  উদ্যোগত প্ৰতিবছৰৰ দৰে এইবেলিও মহালয়া উপলক্ষে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ পুৱা মধ্যপাৰা সাৰ্বজনীন দুৰ্গাপূজা কমিটিৰ সদস্য সকলে দেৱী দুৰ্গাৰ স্তুতি বন্দনাৰে মুখৰিত কৰি তোলে পৰিৱেশ৷ এক কথাত চাৰিওফালে এক পূজাৰ উছৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হল।লগতে পিতৃ পুৰুষৰ শ্ৰাদ্ধ সম্পুৰ্ণ কৰে অসংখ্য লোকে ।দুৰ্গতিনাশিনী দেৱী দুৰ্গা মৰতলৈ নামি আহিছে মহালয়াৰ দিনটোতে৷ মহালয়া উপলক্ষে পুৱাৰে পৰা তেজপুৰত অসংখ্য লোক ওলাই আহিছে ৰাজপথলৈ৷ তেজপুৰৰ মধ্যপাৰা সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ  উদ্যোগত প্ৰতিবছৰৰ দৰে এইবেলিও মহালয়া উপলক্ষে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা দেখা গল ।তৰোপৰি আজি মহালয়াৰ দিনটোত অসংখ্য লোকে পিতৃ পুৰুষক  স্মৰণ কৰি তেজপুৰৰ গনেশ ঘাটত ব্ৰক্ষ্মপুত্ৰৰ বুকুত শ্ৰাদ্ধ কৰা দেখা গল ।
তেজপুৰৰ পৰা অপুৰ্ব বৰা

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0