স্বামীৰ মৃত্যুৰ পাছত কন্যাৰ সৈতে মাতৃৰ সংগ্ৰাম বোকাখাতত

Home ৰাজ্যস্বামীৰ মৃত্যুৰ পাছত কন্যাৰ সৈতে মাতৃৰ সংগ্ৰাম বোকাখাতত

স্বামীৰ মৃত্যুৰ পাছত কন্যাৰ সৈতে মাতৃৰ সংগ্ৰাম বোকাখাতত

by News Desk
79 views
A+A-
Reset

newsnextoneকাজিৰঙা, ৮ অক্টোবৰঃ জীৱন যুদ্ধত হাৰ নমনা এগৰাকী মহিয়সী নাৰী-নাম কমলাৱতী সিনহা ৷ স্বামীৰ মৃত্যুৰ পাছত এগৰাকী দৰিদ্ৰ নাৰীৰ জীৱন-যাপন কেনেদৰে অসহনীয় হৈ পৰে এই  মহিলাগৰাকীক নেদেখিলে  হয়টো কোনেও অনুমান কৰিব নোৱাৰিব দাৰিদ্ৰতা মানে কি৷ 

বোকাখাত নগৰৰ মাজ মজিয়াত দুই কন্যা সন্তানৰ মাতৃ এই গৰাকী প্ৰায় ৪৫ বছৰীয়া মহিলাই মাত্ৰ দুটা মাহৰ পূৰ্বে নিজৰ ৰোগাক্ৰান্ত স্বামীক হেৰুৱাইছিল। মহিলা গৰাকীৰ স্বামীয়ে বোকাখাত নগৰত এখন গাড়ীৰ চিট চিলোৱাৰ দোকান খুলি নিজৰ পৰিয়ালটোক যেনে-তেনে পোহপাল দি আহিছিল। কিন্তু স্বামীৰ মৃত্যুৰ পাছত দুৰ্ঘোৰ অমানিশা নামি আহে এই মহিলা গৰাকীৰ জীৱনলৈ। ভাড়া ঘৰত থাকি পৰিয়ালটোক পোহপাল দিয়াত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব লগাত পৰে এই দুৰ্ভগীয়া মহিলা গৰাকী । কিন্তু এইগৰাকী সাহসী মহিলা  এনে প্ৰতিকুল পৰিস্থিতিৰ মুখামুখি হৈও বিচলিত নহৈ কঠোৰ জীৱন সংগ্ৰামৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি স্বামীৰ বৃত্তিকে চলাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু সেই সিদ্ধান্তও আছিল বহু কঠিন। কাৰণ দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চিট চিলোৱাৰ কাম এগৰাকী মহিলাৰ বাবে ইমান সহজ নাছিল। দুই কন্যাক বুকুত সাৱটি বোকাখাত নগৰত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ সমীপত এই সামান্য দোকানখনত যান-বাহনৰ চিট চিলাবলৈ ধৰিলে কমলাৱতীয়ে। আনহাতে, মহিলা গৰাকীৰ নৱম শ্ৰেণীত পঢ়ি থকা কন্যা গৰাকীয়েও কেতিয়াবা নিজৰ বিদ্যালয়ৰ পঢ়া-শুনা ক্ষতি  কৰিও  সহায় কৰি দিবলগীয়া হয়হি নিজ মাতৃৰ কাম-কাজত৷ গাড়ীৰ চিটৰ দৰে কঠিন বেল্ট টানিব নোৱাৰাৰ লগতে গধুৰ চিট সমূহ মাতৃ কমলাৱতীয়ে অকলে দাঙিব নোৱাৰে বাবেই  বিদ্যালয়লৈ নোযোৱাকৈয়ে প্ৰায়ে মাতৃৃৰ সৈতে দোকানত ব্যস্ত হৈ পৰে নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰী গৰাকী। কেতিয়াবা দোকানত বিক্ৰী নহলে বা কাম নাপালে দুবেলা-দুমুঠি খুৱাটোও কঠিন হৈ পৰে এই পৰিয়ালটোৰ বাবে-দুই কন্যাৰ সতে কেতিয়াবা অনাহাৰে থকাৰ কৰুণ অভিজ্ঞতাৰ কথাও অতি  দুখেৰে এই সংবাদদাতাৰ সন্মুখত ব্যক্ত কৰে পিতৃহীন দুগৰাকী কন্যাক লৈ অসহায় হৈ পৰা এই  মহিলাগৰাকীয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0