Home ৰাজ্যচাপৰমুখত উদ্ধাৰ নগাঁৱৰ নিৰুদ্দিষ্ট পঞ্চায়ত সচিবৰ মৃতদেহ উদ্ধাৰ

চাপৰমুখত উদ্ধাৰ নগাঁৱৰ নিৰুদ্দিষ্ট পঞ্চায়ত সচিবৰ মৃতদেহ উদ্ধাৰ

by News Desk
A+A-
Reset
jayanta mudai 2

newsnextone ১০অক্টোৱৰ,নগাঁওঃ  নগাঁও জিলাৰ জুৰীয়া থানাৰ  অন্তৰ্গত ধিংগাঁও নিবাসী আব্দুল জব্বাৰৰ পুত্ৰ তথা চাপৰমুখ গাওঁ পঞ্চায়তৰ সচিব মহিবুৰ ৰহমান (৪৭) ৰ মৃতদেহ আজি ৰহস্যজনকভাবে চাপৰমুখ আৰক্ষী থানাৰ অন্তৰ্গত কপিলী নৈৰ মাৰোৱাৰী পট্টীৰ পাৰঘাটত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ 
প্ৰাপ্ত খবৰ মতে, সচিব মহিবুৰ ৰহমান দীৰ্ঘদিন ধৰি নগাঁও চহৰৰ নিকটৱৰ্তী কাতিমাৰী গ্ৰাণ্টত পৰিয়ালসহ বসবাস কৰি আহিছিল যদিও  যোৱা ৭ অক্টোবৰৰ দিনা বিয়লি  কাতিমাৰীৰ নিজ গৃহৰ পৰা বজাৰ কৰিবলৈ নগাঁও চহৰলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল ৷
দুটি সন্তানৰ পিতৃ মহিবুৰ ৰহমানক পৰিয়ালৰ লোকে বিভিন্ন ঠাইত  বিচাৰ-খোচাৰ কৰিছিল যদিও আজি ৰহস্যজনকভাবে মৃতদেহ উদ্ধাৰ হোৱাত হতভম্ব হৈ পৰিছে পৰিয়ালৰ লোক । 
স্থানীয় লোকে আজি দুপৰীয়া প্ৰায় ১২ বজাত  মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ 
শান্ত প্ৰকৃতিৰ আৰু সহজ সৰল স্বভাৱৰ মহিবুৰ ৰহমানক কোনো দুৰ্বৃত্তই পৰিকল্পিত ভাবে হানিখুচি হত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। চাপৰমুখ গাওঁ পঞ্চায়তৰ সচিব মহিবুৰ ৰহমানৰ এনে অকাল মৃত্যুত সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে ।

জয়ন্ত মুদৈ,নগাঁও

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0