www.newsnextone.com|তামুলপুৰঃ বাক্সা জিলাৰ বৃহত্তৰ তামুলপুৰ মহকুমাৰ পশ্চিম তামুলপুৰ বিধ্বস্ত তামুলপুৰ-ঘগ্ৰাপাৰ উন্নত কৰাৰ দাবীত আজি পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰ-ঘগ্ৰাপাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেডিকেল চকত দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে৷
পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ ৰূপায়ন কৰা পথ অৱৰোধ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, ৰাইজ আৰু আছু নেতা সকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ তামুলপুৰ-ঘগ্ৰাপাৰ পথ পুণৰ নিৰ্মাণ কৰক, অসম চৰকাৰ হায়!হায়!, হাগ্ৰামা মহিলাৰী গো বেক, তামুলপুৰৰ বিধায়ক হায়! হায়!, দেৱেন বড়ো মুৰ্দাবাদ, বি টি চি প্ৰশাসন হায় হায়, অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায়, হাগ্ৰামা মহিলাৰী হায় হায় হিমন্ত বিশ্ব শৰ্মা হায় হায়, আদি শ্লোগান দি ছাত্ৰ-ছাত্ৰী, আছু নেতা আৰু ৰাইজে পথ অৱৰোধথলী উত্তাল কৰি তোলে৷