Home ৰাজ্যপশ্চিম কাৰ্বি আংলঙত কৃষি সামগ্ৰী-পশুধন বিতৰণ

পশ্চিম কাৰ্বি আংলঙত কৃষি সামগ্ৰী-পশুধন বিতৰণ

by News Desk
56 views
A+A-
Reset

www.newsnextone.com।খেৰণি: পশ্চিম কাৰ্বি আংলঙৰ তুমপ্ৰেঙত আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিনত থকা কৃষি বিভাগ আৰু পশু পালন বিভাগৰ উদ্যোগত আয়োজন হয় এখন কৃষি সামগ্ৰী-পশুধন  বিতৰণি সভা। দুই সহস্ৰাধিক কৃষক ৰাইজ আৰু মহিলা আত্ম সহায়ক গোটৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থকা সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত হোৱাৰ বিপৰীতে কাৰ্বি পৰিষদৰ পশু পালন বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য তাৰেন্দ্ৰ ব্ৰহ্ম, পৰিষদীয় সদস্য তথা প্ৰাক্তন অধ্যক্ষ হৰেনছিং বে’, পৰিষদীয় সদস্য প্ৰভাত টাৰ’ৰ লগতে কৃষি বিভাগ আৰু পশু পালন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। সভাত ভাষণ প্ৰসংগত ৰাইজক উদ্দেশ্যি মুখ্য অতিথি তুলিৰাম ৰংহাঙে কয় যে “লাভাম্বিত হ’বলৈ কৃষকে এলান্ধুকলীয়া পৰম্পৰা বাদ দি আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি কাৰ্য্য কৰিব লাগিব।” লগতে উন্নত মানৰ কৃষি বীজ ব্যৱহাৰ কৰি কৃষকৰাইজে কম পৰিমাণৰ ভূমিত অধিক উৎপাদন কৰি অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব। আনহাতে কৃষকৰ সমান্তৰালকৈ মহিলাসকলেও পশু পালন কৰি স্বাৱলম্বী হব পাৰে। আৰু এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ অথবা কাৰ্বি পৰিষদীয় চৰকাৰে দৰিদ্ৰ কৃষক ৰাইজ আৰু মহিলাসকলক অগ্ৰাধিকাৰ দি বিভিন্ন প্ৰকাৰৰ অভিলাষী আঁচনি গ্ৰহণ কৰি ৰূপায়ণৰ ব্যৱস্থা কৰিছে। আৰু এনেবোৰ আচঁনিৰ যোগেদি কৃষক আৰু মহিলাসকল উপকৃত হোৱাৰ বিপৰীতে ই অৰ্থনৈতিক উন্নয়নত যোগাত্মক প্ৰভাৱ পেলাৱ বুলি আশা প্ৰকাশ কৰিছে বিজেপি চৰকাৰখনে বুলি উল্লেখ কৰে। ইয়াৰ উপৰিও বৰ্তমান চৰকাৰখনে ঋতুকালীনভাবে কৃষক ৰাইজৰ মাজত প্ৰদান কৰি অহা বিনামূলীয়া কৃষি বীজ, ট্ৰেক্টৰ, পাৱাৰ ট্ৰিলাৰ, জলসিঞ্চন ব্যৱস্থা আদি বিপৰীতে মহিলা আত্ম সহায়ক গোটৰ মাজত হাঁহ-কুকুৰাৰ পোৱালি, ছাগলী-গাহৰিৰ পোৱালি, সূতা আদিৰ লগতে ৰেহাইভিত্তিত ঋণ হিচাপে ১০০০০, ১৫০০০, ২৫০০০, ৫০০০০ টকা পৰ্য্যন্ত প্ৰদান কৰিছে, আনকি মহিলা আত্ম সহায়ক গোটৰ মাজত ট্ৰেক্টৰ প্ৰদান কৰি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰতো সহায় কৰিছে আমাৰ চৰকাৰে বুলি দাবী কৰে তুলিৰাম ৰংহাঙে। ইয়াৰ পাছতে ৰাইজক ৰংহাঙে এই বুলিও কয় যে বিৰোধী দলে আমাৰ চৰকাৰৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি, অপপ্ৰচাৰ চলাই বা সমালোচনা কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিব কিন্তু ৰাইজে তেনেবোৰ কথাত পতিয়ন নগৈ তেনে সংস্কৃতিক কাৰ্বি আংলঙৰ পৰা বিদায় দিবলৈহে আহ্বান জনায় ৰংহাঙে। উল্লেখযোগ্য যে আজিৰ সভাত পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ এ এছ ডি চি আৰু কংগ্ৰেছ দলৰ ৩১ টা পৰিয়ালে আনুষ্ঠানিকভাৱে নিজৰ নিজৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। ইফালে আজিৰ সভাৰ মজিয়াতে উল্লেখিত বিভাগ দুটাৰ জৰিয়তে কৃষকৰ মাজত দা-কোৰ মুঠ ১৬০ খন, প্লাষ্টিকৰ  খাং ৬০ টা, কীটনাশক ব্যৱহাৰ কৰা মেচিন ৩০ টা, সৰিয়হ বীজ ২০ কুইণ্টল বিনামূলীয়াকৈ বিতৰণ কৰাৰ বিপৰীতে মহিলা সকলৰ মাজত উজ্জলা ৰন্ধন গেছ ১৫০ টা আৰু গাহৰি পোৱালি ১৭০ টা বিতৰণ কৰে।
   

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0