www.newsnextone.com| নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানীৰ জানিগোগত (মহিন্দুৰ চুবুৰী) আজি স্বেচ্ছাসেৱী সংস্থা পূৰ্বজৌতিৰ দ্বাৰা পৰিচালিত বয়ন-হস্তশিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰৰ গৃহটো শুভ উদ্বোধন কৰা হয়। স্থানীয় সাংসদ ৰমেন ডেকাই সাংসদ পুঁজিৰ পৰা (২০১৭ -১৮ বৰ্ষৰ ) পাচঁ লাখ টকা আবন্টন দিয়ে।
উক্ত গৃহটো উদ্বোধন কৰে প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত তথা ন বিজেপি চন্দ্ৰ কুমাৰ শৰ্মাই। তদুপলক্ষে সংস্থাটোৰ সম্পাদক হেমেন কলিতাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অবসৰপ্ৰাপ্ত বেংক বিষয়া ভগৱান শৰ্মা, জিলা বিজেপিৰ উপ-সভানেত্ৰী আৰতী বৈশ্য, সমাজকৰ্মী বীৰেণ মেধি, তৰোণী শৰ্মা, দূৰ্গা কিংকৰ ভট্টাচাৰ্য, তিলক শৰ্মা, বিজেপি নেতা খগেন ডেকা, ভাস্কৰ শৰ্মা, দ্বীপেন ডেকা, নিৰঞ্জন শৰ্মা, সংস্থাটোৰ সভাপতি অমৰেন্দ্ৰ চক্ৰৱৰ্তী, বিষয়ববীয়া কেশৱ শৰ্মা, গৌতম ডেকা, মন্টু কলিতা সহ অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে।