Home ৰাজ্যএন আৰ চিঃ প্ৰাণ গ’ল আৰু এজনৰ

এন আৰ চিঃ প্ৰাণ গ’ল আৰু এজনৰ

by News Desk
69 views
A+A-
Reset

ডিজিটেল ডেক্স, খাৰুপেটীয়াঃ ৰাজ্যখনৰ বিভিন্ন ঠাইত হকে-বিহকে NRC কৰ্তৃপক্ষই বিদেশী বুলি দিয়া জাননীক কেন্দ্ৰ কৰি বিভিন্ন লোকৰ প্ৰাণ লোৱাৰ পাছত দৰঙৰ খাৰুপেটীয়াত NRCএ প্ৰাণ ল’লে আন এজনৰ৷ খাৰুপেটীয়া নগৰৰ ৰামনগৰৰ নিজ বাসভৱনত ৰছীৰে ফেনত চিপ লৈ আত্মহত্যা কৰিলে শৈলবালা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা অধিবক্তা নিৰোদ বৰণ দাসে৷ NRC কৰ্তৃপক্ষৰপৰা দুমাহ পূৰ্বে জাননী পাই তেওঁ তীব্ৰ মানসিক চাপত ভুগি আছিল৷ পৰিয়ালৰ লোকে এই সন্দৰ্ভত তেওঁক বুজনি দিছিল যদিও আজি পুৱা প্ৰাতঃ ভ্ৰমণ কৰি আহি নিজ বাসভৱনত চিপজৰী লৈ আত্মহত্যা কৰে৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দৰং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক ঘটনাস্থলীলৈ নহালৈকে ক্ষুব্ধ জনতাই মৃতদেহটো প্ৰশাসনক নিবলৈ নিদিয়ে বুলি হুংকাৰ দিয়াত ঘটনাস্থলীত দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ, দলগাঁও ৰাজহচক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰ উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নিবলৈ দিয়া হয়৷ লিগেচী তথা উপযুক্ত নথি-পত্ৰ থকাৰ পাছতো NRC কৰ্তৃপক্ষই প্ৰকৃত ভাৰতীয় এজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ বাবে প্ৰকৃততে দায়ী কোন বুলি প্ৰশ্ন উত্থাপিত হৈছে৷ ৰাইজ তথা পৰিয়ালৰ লোকে NRC কৰ্তৃপক্ষক এই মৃত্যুৰ বাবে দায়ী কৰি শাস্তিৰ দাবী জনায়। উল্লেখ্য কিছুদিনৰ পূৰ্বে তেজপুৰ ডিটেনশ্বন কেম্পত জুব্বাৰ আলী নামৰ এজন ভাৰতীয়ৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0