Home ৰাজ্যচৰকাৰৰ অংশীদাৰ অগপ নামিল ৰাজপথত

চৰকাৰৰ অংশীদাৰ অগপ নামিল ৰাজপথত

by News Desk
63 views
A+A-
Reset

ডিজিটেল ডেক্স, তামুলপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তামুলপুৰত আজি বাগসা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ঘগ্ৰাচকত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অবড়ো সুৰক্ষা সমিতি, অগপ, কলিতা জনগোষ্ঠী সন্মিলন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ ফেডাৰচনকে ধৰি কেইবাটাও দল-সংগঠনৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে ‘নৰেন্দ্ৰ মোডী মূর্দাবাদ’, ‘সৰ্বানন্দ সোনোৱাল মূর্দাবাদ’, ‘অসম চৰকাৰ হায় হায়’, ‘বি জে পি চৰকাৰ হুঁচিয়াৰ’, ‘আৰ এছ এছ হুঁচিয়াৰ’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে তামুলপুৰ মহকুমা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0