Home ৰাজ্যপাহাৰে-ভৈয়ামে বন্ধলৈ সমৰ্থন

পাহাৰে-ভৈয়ামে বন্ধলৈ সমৰ্থন

by News Desk
66 views
A+A-
Reset

ডিফুঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে ২৩ অক্টোবৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে ৪৬ টাকৈ সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে কাৰ্বি আংলঙৰ ৫ টাকৈ অগ্ৰণী সংগঠন ক্ৰমে এইচ এছ ডি চি, কে এছ এ, এছ ৱাই চি, এছ ৱাই জে আৰু ইউ কে ৱাই এই৷ আজি ডিফু-লামডিং পথস্থিত কে এছ এৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি মঙলবাৰৰ বন্ধৰ প্ৰতি তেওঁলোকৰ পূৰ্ণ সমৰ্থনৰ কথা ব্যক্ত কৰে৷ সংবাদ মেলত উপস্থিত থকা সংগঠনসমূহৰ শীৰ্ষ নেতৃবৰ্গই কয় যে বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক বৰপীৰা পাৰি দিবলৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ খন আইনলৈ পৰিৱৰ্তন কৰিবলৈ লোৱা সিদ্ধান্ত দুৰ্ভাগ্যজনক আৰু বিজেপি চৰকাৰৰ একনায়কত্ববাদৰ এয়া এক জলন্ত উদাহৰণ৷ এই বিধেয়ক গৃহীত হ’লে নিজ ঘৰতে ভূমিপুত্ৰসকল সংখ্যালঘুত পৰিণত হ’ব৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিজেপি চৰকাৰে বাংলাদেশীসকলক দেশৰ অইন ঠাইত সংস্থাপিত কৰক। অসমত অবৈধ বিদেশীৰ কোনো স্থান নাই৷ বিদেশী বিদেশীয়েই। ৰাজনীতিৰ কু-অভিলাষ পূৰ্ণ কৰিবলৈ ধৰ্মৰ ভিত্তিত বিদেশীৰ শ্ৰেণী বিভাজন কেতিয়াও গ্ৰহণযোগ্য নহয়৷ আনহাতে, কে এছ এৰ সভাপতি ছিমিঅন ৰংফাৰে কয় যে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰাৰ দৰে একালৰ ছাত্ৰনেতা আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিধেয়কৰ বিৰোধিতা কৰিব নোৱাৰাটো হাস্যকৰ৷ 

বন্ধৰ সময়ছোৱাত জিলাখনত অত্যাৱশ্যকীয় সেৱাসমূহ বন্ধৰপৰা ৰেহাই দিয়া হৈছে আৰু বন্ধৰ কালছোৱাত শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰিবলৈ সংগঠনসমূহৰ নেতৃবৰ্গই জনসাধাৰণলৈ আহ্বান জনায়৷ আজিৰ সংবাদ মেলত ক্ৰমে এইচ এছ ডি চিৰ সাধাৰণ সম্পাদক লাইচান ইংলেং, কে এছ এৰ সভাপতি ছিমিঅন ৰংফাৰ, এছ ৱাই চিৰ সভাপতি হাৰলংবি কাথাৰ, এছ ৱাই জেৰ সভাপতি লংকি ছিংনাৰ আৰু ইউ কে ৱাই এৰ সভাপতি ৱাৰলংকি ডেৰা উপস্থিত থাকে৷ ইফালে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদে ২৩ অক্টোবৰৰ বন্ধৰ কালছোৱাত পৰিষদৰ অধীনৰ সকলো বিভাগীয় কাৰ্যালয়ৰ কাম-কাজ স্বাভাৱিক কৰি ৰাখিবৰ বাবে বিভাগীয় শীৰ্ষ বিষয়াসকললৈ নিৰ্দেশনা জাৰি কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0