Home ৰাজ্যধনদাবীৰ সৈতে জড়িত দুই যুবক আৰক্ষীৰ জালত

ধনদাবীৰ সৈতে জড়িত দুই যুবক আৰক্ষীৰ জালত

by News Desk
78 views
A+A-
Reset

গোৰেশ্বৰঃ  বাগসা জিলাৰ গোৰেশ্বৰত ২১ অক্টোবৰৰ পুৱতি নিশা গোৰেশ্বৰ আৰক্ষী আৰু সুবাগপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই দুই যুবকক আটক কৰা হয়।  গোৰেশ্বৰ থানা অন্তৰ্গত ঔবাৰী গাওঁৰ ধন দাবীৰ সৈতে জড়িত দুই যুবক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে গোৰেশ্বৰৰ ঔবাৰী গাওঁৰ মনমিল দাসৰ পুত্ৰ  মনোজ দাস (২৪) আৰু ডিমেশ্বৰ দাসৰ পুত্ৰ ভৱজিৎ দাস (২৩) য়ে দীৰ্ঘ দিন ধৰি ভুৱা মোবাইল চীম কাৰ্ডৰ সহায়ত বিভিন্ন জনক ধনদাবী কৰি আহিছিল। 
কেবাটাও  অসামাজিক কামৰ সৈতে জড়িত যুবকদ্বয়ে মিলি জিএমচিএইচৰ জনৈক নাথ উপাধিৰ চিকিৎসক এজনৰ পৰা দুই লাখ টকা সৰকাইছিল কিছুদিন পূৰ্বে। এই সম্পৰ্কে ভঙাগড় থানাত ১৫২/২০১৮ নম্বৰৰ গোচৰ ৰুজু হৈ আছে । ডিব্ৰুগড় থানাতো গোচৰ থকা বুলি জানিব পৰা গৈছে দুই যুবকৰ বিৰুদ্ধে। যুবক দুজনৰ পৰা মোবাইল তিনিটা,  আৰু চীম ৩ খন উদ্ধাৰ কৰিছে আৰক্ষীয়ে । এখন পালচাৰ মটৰ চাইকেলো জব্দ কৰিছে আৰক্ষীয়ে। যুৱকদুজনক গুৱাহাটীলৈ লৈ যাবলৈ ইতিমধ্যে গোৰেশ্বৰ থানাত উপস্থিত হৈছে ভঙাগড় আৰক্ষী৷ আজি নিশা ১০ বজাত যুবক দুজনক ভঙাগড় আৰক্ষীৰ হাতত চমজাই দিছে গোৰেশ্বৰ আৰক্ষীয়ে।

দীপাংকৰ দাস,গোৰেশ্বৰ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0