Home ৰাজ্যবন্ধই ব্যাহত কৰিলে নগালেণ্ডলৈ যাতায়াত

বন্ধই ব্যাহত কৰিলে নগালেণ্ডলৈ যাতায়াত

by News Desk
72 views
A+A-
Reset

কাৰ্বি আংলংঃ নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ আৰু বাঙালী দল-সংগঠনে হিন্দু বাংলাদেশীৰ সমৰ্থনত ১৭ নবেম্বৰত গুৱাহাটীত আয়োজন কৰিবলৈ লোৱা সমাৱেশৰ বিৰোধিতা কৰি অসমীয়াৰ জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৪৬ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ ফলত সমগ্ৰ অসমৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাতো স্তব্ধ হৈ পৰিল স্বাভাৱিক জন-জীৱন৷ অচল হৈ পৰিল যান-বাহনৰ চলাচল। বন্ধ হৈ পৰিল সকলো ধৰণৰ দোকান-পোহাৰ৷ বন্ধৰ সমৰ্থনত কেইবা ঠাইতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী সদস্যসকলে৷ বোকাজান মহকুমাৰ মাজেৰে যোৱা ১ নং এছিয়ান ঘাইপথৰ লগতে বোকাজান নগৰৰ মাজ-মজিয়াৰ পথতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকে। প্ৰতিবাদৰ ফলত ব্যাহত হৈ পৰে অসম-নগালেণ্ডৰ মাজত যাতায়াত ব্যৱস্থা। বোকাজান মহকুমা আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল যদিও মহকুমাটোৰ শিলনীজান, জপৰাজান, বালিপথাৰ, সৰিয়হজান, বোকাজান, খটখটি আদি সকলো ঠাই সৰ্বাত্মকৰূপত স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ পৰে৷ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয়, সকলো প্ৰকাৰৰ বেংক, ব্যক্তিগত প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, যাত্ৰীবাহী বাহন আদি সকলো বন্ধ হৈ পৰে৷ তাৰ মাজতে দুই-এক ব্যৱসায়ীক প্ৰতিষ্ঠান খোলা আছিল যদিও প্ৰতিবাদকাৰীসকলে প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ লগতে ‘বিজেপি গ’ বেক’, ‘হিন্দু বাংলাদেশী গ’ বেক’, ‘বিজেপি হুচিয়াৰ’, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ‘জেপিচি মুৰ্দাবাদ’ আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছিল যদিও আৰক্ষীয়ে এজনো প্ৰতিবাদকাৰী আটক কৰিবলৈ সক্ষম নহ’ল আৰু আজিৰ ১২ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচী বোকাজান মহকুমাত শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0