মোৰাঝাৰঃ মোৰাঝাৰৰ চাৰিং পথাৰৰ বাসিন্দা তথা মোৰাঝাৰ ষ্টেট বেংকৰ গ্ৰাহক ৰুবিনা বেগম নামৰ মহিলাগৰাকীয়ে এজন অচিনাকি যুৱকক বিশ্বাস কৰাই কাল হ’ল। সহায় কৰাৰ চলেৰে এ টি এম কাৰ্ড লৈ দুষ্ট যুৱকজনে মহিলাগৰাকীৰ একাউণ্টৰপৰা দুটা কিস্তিত মুঠ ১১ হাজাৰ টকা উঠাই পলায়ন কৰে। যুৱকজনে মহিলাগৰাকীৰ এ টি এম কাৰ্ডখনো লৈ যায়। যোৱা ২৩ অক্টোবৰত সংঘটিত এই ঘটনাই গ্ৰাহকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভুক্তভোগীয়ে এই সংক্ৰান্তত মোৰাঝাৰ থানাত এজাহাৰৰ দাখিল কৰে। আৰক্ষীয়ে ভাৰতীয় ষ্টেট বেংকৰ মোৰাঝাৰ শাখাত উপস্থিত হৈ বিডিঅ’ ফুটেজ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে।
139
previous post