Home ৰাজ্যমহিলাৰ আত্মৰক্ষাৰ বাবে বিদ্যাৰ্থী পৰিষদৰ প্ৰশিক্ষণ

মহিলাৰ আত্মৰক্ষাৰ বাবে বিদ্যাৰ্থী পৰিষদৰ প্ৰশিক্ষণ

by News Desk
A+A-
Reset
f8617a32-ff27-4002-9ae6-6e739c277b1e

নগাঁওঃ দেশত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই অহালৈ লক্ষ্য কৰি ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গোটেই দেশজুৰি ‘মিছন সাহসী’ শীৰ্ষক এক আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে। এই ‘মিছন সাহসী’ৰ লগত সংগতি ৰাখি পৰিষদৰ বটদ্ৰৱা শাখাই আজিৰেপৰা চাৰিদিনীয়াকৈ বটদ্ৰৱা শংকৰদেৱৰ শিশু বিদ্যা নিকেতনত এক প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছে৷ বটদ্ৰৱা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ অৰ্ধশতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। ‘মিছন সাহসী’ৰ বটদ্ৰৱাৰ সমন্বয়ক চন্দ্ৰামিকা কলিতাই আঁত ধৰা অনুষ্ঠানটিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক প্ৰলয় কুমাৰ বড়ো, ৰাষ্ট্ৰীয় কলা মঞ্চৰ ৰাজ্যিক সহ-প্ৰমুখ ভাস্কৰ কলিতা, প্ৰশিক্ষক নৱজ্যোতি বৰদলৈ, প্ৰণৱ বৰা, দীপজ্যোতি কলিতা, দেৱজিৎ দাসকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। এই প্ৰশিক্ষণ শিবিৰ ২৯ অক্টোবৰত সামৰণি পৰিব৷

News Desk
Author: News Desk

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0