Home ৰাজ্যতামুলপুৰত দুৰ্ঘটনাত দুজনৰ মৃত্যু

তামুলপুৰত দুৰ্ঘটনাত দুজনৰ মৃত্যু

by News Desk
65 views
A+A-
Reset

ৰঙিয়াঃ ভূটান ৰাষ্ট্ৰীয় ঘাই পথটো সম্প্ৰতি পৰ্যৱসিত হৈছে কিলাৰ হাইৱেলৈ৷ এই পথছোৱাৰে নিয়ন্ত্ৰণহীনভৱে চলাচল কৰা ডাম্পাৰ আৰু সৰু-বৰ যান-বাহনৰ কাৰণে নিৰাপত্তা নোহোৱা হৈছে সাধাৰণ পথচাৰীৰ৷ আজি সন্ধিয়া উলুবৰীৰ পাৰ্বতী চ’কত এছ ডি চি ২২৪৮ নম্বৰৰ এখন ৰিকভাৰী ভানে দুজন পথচাৰী শ্ৰমিকক মহতিয়াই নিয়ে। ভানখনেও নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে৷ দুৰ্ঘটনাটোৰ ফলত এক নং বানগুৰি গাঁৱৰ কল্পৰাম কলিতা (৬৫) আৰু তেওঁৰ সহায়ক একে গাৱঁৰে সুৰেণ ৰাভা (৫০) থিতাতে নিহত হয়৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয় আৰু তামুলপুৰ থানাত খবৰ দিয়ে৷ আৰক্ষীয়ে ৰিকভাৰী ভানখন জব্দ কৰে যদিও চালকজনে ঘটনাস্থলীৰপৰা পলায়ন কৰে৷ উল্লেখ্য, যোৱা ২৪ অক্টোবৰৰ নিশা এই পথৰে দ্বাৰকুছিত ডাম্পাৰৰ খুন্দাত দুজন চফল যুৱকৰ মৃত্যু হৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0