ডিজিটেল ব্যুৰঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ দৰে অসমৰ সৰ্বানন্দ সোণোৱাল চৰকাৰেও ভুৱা প্ৰতিশ্ৰুতি দিয়াত পি এইচ ডি লাভ কৰিছে। উন্নয়ন আৰু দুৰ্নীতিৰ বিৰুদ্ধে শ্ল’গান দি চৰকাৰ গঠন কৰা সৰ্বানন্দ সোণোৱালে এতিয়া অসমক ধৰ্মৰ নামত ভাগ ভাগ কৰিবলৈ ধৰিছে। এই অভিযোগ আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা তথা দিল্লীৰ বিধায়ক সোমনাথ ভাৰতীৰ।
দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ অহা ভাৰতীয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰি কয় যে ধৰ্মৰ নামত নাগৰিকত্ব দিয়া কাৰ্য আম আদমি পাৰ্টীয়ে কেতিয়াও সমৰ্থন নকৰে। তদুপৰি এই আইনে অসমৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলাব। ইফালে, ভাৰতীয়ে কয় যে বৃহৎ নদী বান্ধ আপে কেতিয়াও সমৰ্থন নকৰে। ইয়াৰ পৰিৱৰ্তে সৰু সৰু বান্ধৰ জৰিয়তে বিদ্যুৎ উৎপাদনৰ পোষকতা কৰে আপৰ নেতাজনে।