কোকৰাঝাৰঃ কোকৰাঝাৰৰ গেন্দ্ৰাবিলৰ এগৰাকী ছাত্ৰীৰ অগ্নিদগ্ধ মৃতদেহ ধাননি পথাৰত উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শুকুৰবাৰে গেন্দ্ৰাবিলত লক্ষ্মী পূজাৰ মেলা চাই ঘৰলৈ উভতি অহাৰ পাছৰপৰাই সন্ধানহীন হোৱা ছাত্ৰীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ কালি সন্ধিয়া ধাননি পথাৰত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয়৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰা হৈছে৷ হত্যাৰ পূৰ্বে ছাত্ৰীগৰাকীক বলাৎকাৰ কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।
ইপিনে হত্যাকাণ্ডৰ পাছতে মৃতকৰ ঘৰত বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷ ছাত্ৰীগৰাকীৰ হত্যাৰ আঁৰত দুৰ্ষ্কৃতিকাৰীৰ হাত থকা বুলিও সন্দেহ প্ৰকাশ কৰি হত্যাৰ আঁৰৰ প্ৰকৃত ৰহস্য শীঘ্ৰে উদঘাটন কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।